ডিজিটেল ডেক্সঃ শংকিত হ'ব নালাগে এয়াৰটেলৰ গ্ৰাহকসকল। এয়াৰচেল সেৱা বন্ধ হৈ যোৱাৰ পাছত এয়াৰটেলৰো দশা এয়াৰচেলৰ দৰে হ’বগৈ বুলি বহুতে শংকাত ভুগি আছে। পিছে সেই শংকা অমুলক হিচাপে বিবেচিত হৈছে। কাৰণ, বন্ধ কৰাটো দুৰৈৰ কথা, ভাৰতী এয়াৰটেলে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ সেৱা অধিক প্ৰসাৰহে কৰিব বুলি ঘোষণা কৰিছে।

২০১৮-১৯ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ছয় হাজাৰ নতুন টাৱাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব। এই লক্ষ্যত উপনিত হোৱাৰ পাছত অঞ্চলটোত কোম্পানীটোৰ ছাইটৰ পৰিসৰ মুঠ ম'বাইল সেৱাৰ ৩১ শতাংশ, অৰ্থাৎ ২৫,০০০ টালৈ বৃদ্ধি পাব। তদুপৰি হাই স্পীড ডেটাৰ বাবে কোম্পানীটোৱে নতুনকৈ ৩০০০ কিলোমিটাৰজোৰা অ'প্টিকেল ফাইবাৰ বহুৱাব। বৰ্তমান এই কেবোলৰ দৈৰ্ঘ ১৩,০০০ কিলোমিটাৰ। 

এয়াৰটেলৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ মুখ্য কাৰ্যবাহী বিষয়া ৰবীন্দ্ৰ দেশায়ে অসম তথা উত্তৰ পূৰ্বাঞ্চল কোম্পানীটোৰ বাবে অতি গুৰুত্বপূৰ্ণ বজাৰ বুলি অভিহিত কৰে। অঞ্চলটোত এয়াৰটেলৰ মুঠ ১২.৪ নিযুত গ্ৰাহক আছে আৰু এয়াৰটেলেই উত্তৰ পূবত পোন প্ৰথমে থ্ৰী-জি আৰু ফ'ৰ-জি সেৱা আগ বঢ়াইছিল বুলি সোঁৱৰায় দিয়ে বিষয়া গৰাকয়ে। অৰুণাচল প্ৰদেশৰ লুমা, মিজোৰামৰ টুইপাং, মেঘালয়ৰ ডাউকি আৰু নাগালেণ্ডৰ লংগুৱাৰ দৰে ভিতৰুৱা ঠাইতো কোম্পানীটোৱে সেৱা আগবঢ়াই আহিছে।

উল্লেখ্য, সেৱাৰ প্ৰসাৰতাৰ উদ্দেশ্যৰে ২০১৭ৰ ডিচেম্বৰত এয়াৰটেলে টেলিকম বিভাগৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল। সেই অনুসৰি কোম্পানীটোৱে ১৮ মাহৰ ভিতৰত অঞ্চলটোৰ ২১০০ খন গাওঁ সামৰি ২০০০ টা ম'বাইল টাৱাৰ বহুৱাবলগীয়া হৈছে।