লালুকঃ লালুকৰ এখন বিদ্যালয়ত চিলিং খহি এগৰাকী ছাত্ৰী আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে, লালুকৰ সমীপৰ টুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰী তৃষ্ণা পেগু আজি পুৱা বিদ্যালয়লৈ আহি শ্ৰেণী কোঠাত বহি থকাৰ সময়ত অকস্মাতে শ্ৰেণী কোঠাত সংলগ্ন চিলিং খহি ছাত্ৰী গৰাকীৰ মূৰৰ ওপৰত পৰে।
গধুৰ চিলিংখন ছাত্ৰীগৰাকীৰ মূৰত খহি পৰাৰ ফলত মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয়৷ ততাতৈয়াকৈ শিক্ষকসকলে ছাত্ৰীগৰাকীক লালুক আদৰ্শ চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰাত ছাত্ৰীগৰাকী বহু পৰিমাণে সুস্থ হৈ উঠে৷