চাবুৱাঃ অসমৰ খেতি পথাৰ নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব’লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কিছুমান অপকৰ্মই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ ৷
চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাত অবৈধভাৱে স্থাপন কৰি অহা ইটাভাতা সমূহে কৃষিভূমিসমূহলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷