ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যবাসী এতিয়া ৰঙালীৰ উছাহত মতলীয়া। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মাশালা, বিহুৰ বিভিন্ন প্ৰতিযোগিতা। মহানগৰীৰ ভিন্ন প্ৰান্ততো অনুষ্ঠিত হৈছে বিহুৰ বিভিন্ন প্ৰতিযোগিতা। ইয়াৰে অন্যতম অাছিল লতাশিল বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু সম্ৰাজ্ঞী, বিহুৰাণী, বিহু কুঁৱৰী আৰু শ্ৰেষ্ঠ ঢুলীয়া প্ৰতিযোগিতা।
সকলোৰে দৃষ্টি নিৱদ্ধ আছিল কোনো শ্ৰেষ্ঠত্ব অৰ্জন কৰিব লতাশিলত। অৱশেষত সকলোৰে উৎকন্ঠা দুৰ কৰি কালি ঘোষিত হ’ল বিহু সন্মিলনীখনত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ।