newsnextone.com | গুৱাহাটীঃ মঙলবাৰে ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ উকীল সমাজ৷ উজনি-নামনিৰ উকীল সমাজে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত বাংলাদেশৰ হিন্দু শৰণাৰ্থী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷  

ৰাজ্যৰ অধিবক্তা সমাজে কোনো কাৰণত বিদেশী আনি স্বদেশীক হাৰাশাস্তি কৰাটো কামনা নকৰো বুলি কয়৷ আনহাতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ গাদী দখল কৰি থকা  
বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বুলি কয়৷ অসমীয়া জাতি, মাটি, ভেটি সুৰক্ষিত কৰিম বুলি কথা দি এতিয়া জাতি, মাটি ধ্বংস কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে অধিবক্তাসমাজে৷
 
অধিবক্তাসকলে আইন ৰক্ষা আৰু সকলো প্ৰকাৰৰ ৰাইজক আইন ৰক্ষা কৰাৰ কথা কয় যদিও চৰকাৰে ৰাইজৰ জনমতক উপেক্ষা কৰি বিধেয়ক গৃহীত কৰিলে খোদ অধিবক্তাই আইন উলংঘা কৰিব বুলি ভাবুকি প্ৰদান কৰে৷ অধিবক্তাসকলে এয়াই নহয় চৰকাৰে অসমৰ ৰাইজৰ কথা নুশুনি বিধেয়ক গৃহীত কৰাৰ চেষ্টা কৰিলে আধিবক্তা সমাজ বহি নাথাকো বুলি কয়৷
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ আমিনগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উকীল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম উকীল সন্থাৰ আহ্বানত কামৰূপ জিলা উকীল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতলিৰ দাবী জনায়৷

সমগ্ৰ ৰাজ্যত জিলা সদৰ, মহকুমা সদৰত দিনৰ ১ বজাৰ পৰা সমদল, ধৰ্ণা প্ৰদান কৰি দুইবজালৈ প্ৰতিবাদ সাব্যস্ত কৰে উকীল সমাজে৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক নিজ নিজ প্ৰশাসনৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷