গুৱাহাটীঃ ৰাজ্য খনৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ বৃহস্পতিবাৰে বিধান সভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে সংগ্ৰেছৰ বিধায়কে৷ সদন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ-কনিষ্ঠ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰ জনসাধৰণক নিৰাপত্তা দিয়াত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
২১ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত এগৰাকী ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ আলমতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ আইন শৃংখলাৰ ব্যাপক অৱনতি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ বিধানসভা চৌহদত কংগ্ৰেছ বিধায়ক একত্ৰিত হৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়৷