লিডুঃ লিডু অঞ্চলৰ এক অগ্ৰনী বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘প্ৰয়াস’ৰ নতুন গৃহটো আজি লিডু কলেজৰ সমীপৱৰ্তী কলপাৰা গাঁৱত উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰা হয়৷ সমাজৰ সমস্যাৰাজিৰ সমাধানৰ অৰ্থে আগবাঢ়ি অহা প্ৰয়াসৰ নতুন গৃহটো উদ্বোধন কৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই৷ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সুনিল গুৰুং, লিডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপিকা দীপান্বিতা বিশ্বাস, লিডু শামুকজান গাঁও পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুঙৰ লগতে লিডু অঞ্চলৰ বহু কেইজন ব্যক্তি৷ সভাত মাৰ্ঘেৰিটা সমষ্টিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই কয় যে ‘প্ৰয়াস’ৰ কাম-কাজ স্থানীয় এলেকাৰ মাজতে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় সমস্যাৰাজিৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিলেহে ৰাইজৰ মাজত খ্যাতি লাভ কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে প্ৰয়াসৰ কাম-কাজক উপস্থিত ৰাইজে একমুখে প্ৰশংসা কৰে৷
113
previous post