newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আইটিআই খন সম্প্ৰতি ধ্বংস স্তুপলৈ পৰিণত হৈছে। মন্ত্ৰী-আমোলাৰ অমনোযোগীতাৰ ফলস্বৰূপে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আইটিআই খন বৰ্তমান বিধ্বস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে ৷
কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰাক্তন শক্তি, উদ্যোগ মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ প্ৰচেষ্টাত অনুমোদিত হৈ নিৰ্মিত হোৱা শৈক্ষিক প্ৰতিষ্ঠানটিৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত সম্পূৰ্ণ হৈছিল যদিও চৰকাৰ পৰিৱৰ্তনৰ পাছৰে পৰা পুনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাত আজিকোপতি মুকলি নহ’ল লিডুবাসীৰ বহু প্ৰত্যাশিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো।