নগাঁওঃ লকডাউনৰ সময়তো চৰকাৰী নিৰ্দেশক ভেঙুচালি কৰি নগাঁও জিলাৰ দক্ষিণপাটত চলি আছে চাৰিটাকৈ অবৈধ চুলাই মদৰ ভাটী। গোলাঘাটৰ চুলাই ট্ৰেজেদীৰ পিছত ৰাজ্যৰ বহু চুলাই মদৰ ভাটীত আবকাৰী বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও ৰহস্যজনকভাৱে সেই অভিযানে সামৰি লোৱা নাছিল একাংশ চুলাই মদৰ ভাটীক। এনে ভাটীৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈ ৰ'ব নগাঁৱৰ দক্ষিণপাটৰ এই চাৰিটা চুলাই মদৰ ভাটী। 

জানিব পৰা মতে, বেবেজীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দক্ষিণপাট গাঁৱৰ এই অবৈধ ভাটীকেইটা চলাই আছে জনৈক শান্তনু, প্ৰভাত, চেপেটী আৰু মণিকা নামৰ লোক কেইগৰাকীয়ে। লকডাউনৰ সময়ত বিলাতী সুৰাৰ বিপণী বন্ধ হৈ পৰাৰ গইনা লৈ এতিয়া অধিক সক্ৰিয় হৈ পৰিছে এই ভাটীকেইটাৰ সৈতে জড়িত অসাধু ব্যৱসায়ীকেইজন। 

চৰকাৰী পক্ষৰ কঠোৰ নীতি-নিৰ্দেশনাক আওকাণ কৰি তথা সামাজিক দূৰত্বৰ আহ্বানক একাষৰীয়া কৰি এইসকল অসাধু ব্যৱসায়ীয়ে চুলাই মদ প্ৰস্তুত কৰি নিৰ্বিঘ্নে চলাই গৈছে ইয়াৰ ৰমৰমীয়া ব্যৱসায়। আনকি এই ভাটীকেইটাত বহি চুলাই মদ সেৱনৰ সুবিধাও প্ৰদান কৰা হয়। যাৰ বাবে নিতৌ পুৱাৰ পৰা নিশালৈকে এই ভাটীকেইটাত সমাগম হয় শতাধিক চুলাই সেৱনকাৰীৰ। 

হাতত এছাৰি লৈ বিচাৰি যায় চুলাই

লকডাউনৰ সময়ত চুলাই সেৱনকাৰীসকলে এই ভাটীকেইটালৈ অহা-যোৱা কৰিবলৈ অৱলম্বন কৰে এক অভিনৱ পন্থা। হাতত এছাৰি আৰু মোনাত পানী বটল লৈ গৰু হেৰুওৱাৰ ভাও জুৰি দক্ষিণপাটৰ দাঁতি কাষৰীয়া গাওঁ সমূহৰ চুলাই সেৱনকাৰীসকল এই ভাটীকেইটালৈ অহা-যোৱা কৰাৰ খবৰ পোৱা গৈছে। 

ৰাস্তাত আৰক্ষীয়ে সঘনাই টহল দি থকাৰ বাবে পথাৰৰ মাজেদিয়েই এই ভাটীকেইটালৈ এতিয়া অহা-যোৱা কৰে পথচাৰী। ভাটীত একেলগে চুলাই সেৱন কৰাৰ উপৰিও যোৱাৰ সময়ত পানী বটলত চুলাই মদ লৈ যায় সেৱনকাৰীসকলে। পুৱা ৭ বজাৰ পৰা নিশা পৰ্যন্ত চলি থাকে এই প্ৰক্ৰিয়া। 

দক্ষিণপাটৰ এই ভাটীকেইটালৈ নিকটৱৰ্ত্তী হাতীগড়, দেউৰীগাঁও, গছতল, বেচামাৰী, পমুৱৈগাঁও, জাগিয়াল, বালিগাঁও, ঘাঁহী আদি গাঁৱৰ চুলাই সেৱনকাৰীসকল আহে বুলি জানিব পৰা গৈছে। পূৰ্বতে এই দক্ষিণপাট অঞ্চলত আৰু কেইবাটাও চুলাই মদৰ ভাটী আছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবে একাংশই অন্য বৃত্তি গ্ৰহণ কৰি স্বাবলম্বী হৈ পৰিছে। 

কিন্তু এই চাৰিটাকৈ ভাটীয়ে এতিয়া বিনষ্ট কৰি পেলাইছে সামাজিক পৰিৱেশ। কৰ'না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তো এই ভাটীকেইটাৰ সক্ৰিয়তাই এতিয়া সচেতন লোকসকলক উদ্বিগ্ন কৰি তুলিছে। শীঘ্ৰেই এইক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে।