নগাঁওঃ লকডাউনৰ সময়তো চৰকাৰী নিৰ্দেশক ভেঙুচালি কৰি নগাঁও জিলাৰ দক্ষিণপাটত চলি আছে চাৰিটাকৈ অবৈধ চুলাই মদৰ ভাটী। গোলাঘাটৰ চুলাই ট্ৰেজেদীৰ পিছত ৰাজ্যৰ বহু চুলাই মদৰ ভাটীত আবকাৰী বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও ৰহস্যজনকভাৱে সেই অভিযানে সামৰি লোৱা নাছিল একাংশ চুলাই মদৰ ভাটীক। এনে ভাটীৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈ ৰ’ব নগাঁৱৰ দক্ষিণপাটৰ এই চাৰিটা চুলাই মদৰ ভাটী।
জানিব পৰা মতে, বেবেজীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দক্ষিণপাট গাঁৱৰ এই অবৈধ ভাটীকেইটা চলাই আছে জনৈক শান্তনু, প্ৰভাত, চেপেটী আৰু মণিকা নামৰ লোক কেইগৰাকীয়ে। লকডাউনৰ সময়ত বিলাতী সুৰাৰ বিপণী বন্ধ হৈ পৰাৰ গইনা লৈ এতিয়া অধিক সক্ৰিয় হৈ পৰিছে এই ভাটীকেইটাৰ সৈতে জড়িত অসাধু ব্যৱসায়ীকেইজন।