গুৱাহাটীঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে আতংক। ইয়াৰ মাজতে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ উৎপলজিৎ বৰ্মনে দেওবাৰে বিয়লিৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰা ঘটনাই সকলোকে শোকাভিভূত কৰি তুলিছে। 

জানিব পৰা মতে, কৰ’নাক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতিতো যাতে সুস্থ হৈ থাকি ৰোগীক সেৱা আগবঢ়াব পাৰে তাৰ বাবে 'হাইড্ৰঅক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধ সেৱন কৰিছিল মহানগৰীৰ বৰবৰিস্থিত প্ৰতীক্ষা হাস্পতালৰ এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ বৰ্মনে। ইয়াৰ পিছতে ঔষধবিধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত চিকিৎসকগৰাকী দেহত হৃদৰোগ সদৃশ সমস্যাই দেখা দিয়ে বুলি ধাৰণা কৰা হৈছে।

লগে লগে তেওঁক আন এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সাধাৰণতে মেলেৰিয়া ৰোগত ব্যৱহাৰ কৰা হোৱা 'হাইড্ৰঅক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধ সেৱন কৰি এনেদৰে চিকিৎসকগৰাকীয়ে মৃত্যুমুখত পৰা বাতৰিয়ে চিকিৎসকমহলকো উদ্বিগ্ন কৰি তুলিছে। কিয়নো কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা Covid-19 ৰোগৰ পৰা হাত সাৰি থাকি ৰোগীসকলৰ চিকিৎসাত নিজকে নিয়োজিত কৰি ৰাখিবলৈ কেবাগৰাকী চিকিৎসকে বিগত সময়ছোৱাত এই ঔষধবিধ গ্ৰহণ কৰি আহিছে।

'আমাৰ বহু চিকিৎসকে কৰ’না ভাইৰাছৰ পৰা নিজক বচাই ৰাখিবৰ বাবে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই ঔষধবিধ সেৱন কৰি আহিছে। বৰ্মনেও এই ঔষধবিধ সেৱন কৰিছিল। হয়তো অভাৰডজ হৈছিল। ময়ো খোৱাৰ কথা ভাবি আছিলো। কিন্তু খোৱা নাছিলো।’-NNOৰ আগত এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক প্ৰতীক্ষা হাস্পতালৰ এগৰাকী চিকিৎসকে।

উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)ৰ তৰফৰ পৰাও 'হাইড্ৰঅক্সিক্লৰ’কুইন’ নামৰ ঔষধবিধ স্বাস্থ্যকৰ্মী আৰু কৰ’না ভাইৰাছত আক্ৰান্ত পৰিয়ালৰ সদস্যসকলে সেৱন কৰিব পাৰিব বুলি জনাইছিল। অৱশ্যে এইক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতাও অৱলম্বন কৰিবলৈ কৈছিল আইচিএমআৰ-এ। 

প্ৰতীক্ষা হাস্পতালৰ চিকিৎসকৰ অস্বীকাৰ

একাংশ চিকিৎসকে 'হাইড্ৰঅক্সিক্লৰ’কুইন’ সেৱনৰ ফলত ডাঃ বৰ্মন হঠাৎ হৃদৰোগত আক্ৰান্ত হৈছিল বুলি কৰা মন্তব্যৰ বিপৰীতে ঔষধবিধৰ সৈতে চিকিৎসগকগৰাকী অসুস্থ হৈ পৰাৰ কোনো সম্পৰ্ক নাই বুলি সদৰী কৰিছে প্ৰতীক্ষা হাস্পতাল কৰ্তৃপক্ষই। হাস্পতালখনৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎসকে কয় যে আইচিএমআৰৰ গাইডলাইন অনুযায়ী বহু চিকিৎসকেই ঔষধবিধ সেৱন কৰিছিল। গতিকে ঔষধবিধৰ বাবে কেৱল ডাঃ বৰ্মনহে কিয় অসুস্থ হ’ব বুলিও হাস্পতাল কৰ্তৃপক্ষই প্ৰশ্ন কৰে।

'বৰ্মনে এসপ্তাহ আগতেই ঔষধবিধ খাইছিল। আমিও বহুতে খাইছিলো। আমাৰ কাৰো একো নহ’ল। গতিকে ঔষধবিধক লৈ কোনো সমস্যা হৈছে বুলি আমাৰ মনে নধৰে।’-এইদৰে কয় হাস্পতালখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে। অৱশ্যে তেওঁ কয় যে ঔষধবিধ অভাৰড’জ হ’লে বিপদৰ কাৰণ থাকে। 

'হাইড্ৰঅক্সিক্লৰ’কুইন’ক লৈ গৱেষকৰ মাজত বিতৰ্ক

দিনিদিয়েক পূৰ্বে ফ্ৰান্সৰ বিতৰ্কিত ইমিউন’লজিষ্ট অধ্যাপক ডিডিয়াৰ ৰাওলাটেও কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ  চিকিৎসাত মেলেৰিয়াৰ বাবে ব্যৱহাৰ কৰা 'হাইড্ৰঅক্সিক্লৰ’কুইন’ প্ৰয়োগ কৰি সুফল পোৱা বুলি দাবী কৰিছিল। অৱশ্যে বিতৰ্কিত চিকিৎসা বিজ্ঞানীগৰাকীৰ এই দাবীৰ সৈতে সহমতত উপনীত হোৱা নাই বিশ্বৰ আন গৱেষক আৰু চিকিৎসাবিজ্ঞানীসকল।

ইউনিভাৰ্ছিটি কলেজ, লণ্ডনৰ এগৰাকী চিকিৎসা বিজ্ঞানী অধ্যাপক ফ্ৰাক’ছ বেলক্সে ডিডিয়াৰ ৰাওলাটে কৰা দাবীক ভয়ংকৰ আখ্যা দি কৈছে যে বিতৰ্কিত ইমিউন’লজিষ্ট অধ্যাপকগৰাকীৰ কথা মতে 'হাইড্ৰঅক্সিক্লৰ’কুইন’ খালে বিপদত পৰাৰ সম্ভাৱনা অধিক। সেয়ে তেওঁ বিশ্ববাসীক ফ্ৰান্সৰ বিতৰ্কিত ইমিউন’লজিষ্ট অধ্যাপকগৰাকীৰ কথাত ভোল নাযাবলৈকো আহ্বান জনাইছে।

কিন্তু ইতিমধ্যে ছ’চিয়েল মিডিয়া তথা একাংশ সংবাদ মাধ্যমৰ জৰিয়তে ডিডিয়াৰৰ দাবীৰ ব্যাপক প্ৰচাৰ হৈ পৰাত বহুতেই কৰ’নাক বাধা দিবলৈ আগতীয়াকৈ 'হাইড্ৰঅক্সিক্লৰ’কুইন’ সেৱন কৰা দেখা গৈছে। 'দ্য ইণ্ডিয়ান ডক্তৰছ’ নামৰ ফেচবুক পেজটোত পোষ্ট কৰা মতে ডাঃ বৰ্মনৰ দৰেকৈ 'হাইড্ৰঅক্সিক্লৰ’কুইন’ সেৱন কৰা গুৱাহাটীৰ আন দুগৰাকী চিকিৎসকো ক্ৰমে দিছপুৰ হাস্পতাল আৰু এক্সেলকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।