newsnextone.com | ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে দেশৰ জনগণক কোঙা কৰাৰ সময়তে বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিলে চৰকাৰে৷ এবাৰতে বৃহৎ হাৰত বৃদ্ধি কৰিলে সুদৰ হাৰ৷ ৰেপোৰেট খণ্ডত মৌলিক ২৫ পইণ্ট বৃদ্ধি কৰি ৬.২৫ কৰিলে ৰিজাৰ্ভ বেংকে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাৰিবছৰৰ কাৰ্যকালৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱা আন বেংকৰ ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰা হয়৷ বুধবাৰে ছয়জনীয়া মণিটৰী সমিতিয়ে এই সিদ্ধান্ত লয়৷ ইয়াৰ দ্বাৰা ঋণৰ বিনিময়ত দিবলগীয়া কিস্তিৰ টকাৰ পৰিমাণ বৃদ্ধি হ’ব৷
মোডীৰ কালৰ ৪ বছৰৰ ভিতৰত এয়াই প্ৰথম বৃদ্ধি কৰা হয় ৰেপোৰেট সুদৰ হাৰ৷ তাৰ লগে লগে ৰিজাৰ্ভ বেংকে আন বেংকৰ পৰা লোৱা ঋণৰ সুদৰ পৰিমাণ অৰ্থাৎ ৰিভাৰ্ছ ৰেপোৰেট ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰে৷