ডিজিটেল ডেস্কঃ ৪ বছৰৰ বিৰতিৰ অন্তত অহা ১৯ এপ্ৰিলত মুক্তি পাব লোকেল কুংফু-২৷ এয়া হৈছে ২০১৩ ত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি 'লোকেল কুংফু'ৰে ছিকুৱেল।

কেনী বসুমতাৰী পৰিচালিত এই চলচিত্ৰখন যুগান্তকাৰী নাট্যকাৰ শ্বেক্সপীয়েৰৰ "দ্যা কমেডী অব ইৰৰছ" নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে অতি কম বাজেটেৰে নিৰ্মাণ কৰা পূৰ্বৰ 'লোকেল কুংফু'ৱে ৰাজ্যৰ নৱ প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল৷

সমৰকলাৰ আধাৰত নিৰ্মিত উক্ত চলচিত্ৰখনৰ বাস্তৱধৰ্মী সংলাপসমূহ দৰ্শকৰ মুখে মুখে চৰ্চিত হৈছিল৷ লোকেল কুংফুৰ সাফল্যৰ পিছতেই দৰ্শকে ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল৷ ছ'চিয়েল মিডিয়াত বৰ্তমান আলোচ্য বিষয় হৈ আছে উক্ত ছবিখন৷

শেহতীয়াকৈ অসমত ক্ৰাউড ফাণ্ডিঙৰ চলচিত্ৰসমুহে যথেষ্ট গুৰত্ব লাভ কৰিছে৷ ইয়াৰে এক জলন্ত উদাহৰণ উক্ত চলচিত্ৰখন৷

ছ’চিয়েল মিডিয়াযোগে পোষ্ট প্ৰডাকচনৰ সহায় বিচৰাৰ পিছতেই অতি কম দিনতে প্ৰায় ৮লক্ষাধিক টকা ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে পাবলৈ সমৰ্থ হৈছিল চলচিত্ৰখনে৷ দৰ্শকসকলে এইবাৰ অসমীয়া আৰু হিন্দী এই দুয়োটা ভাষাতে উপভোগ কৰিব পাৰিব লোকেল কুংফু২৷  

এইবাৰো দৰ্শকৰ প্ৰিয় "বঞ্জো" চৰিত্ৰটোৱে সকলোকে হহুৱাব বুলি আশা কৰা হৈছে৷ দুৰ্লভ বৰুৱা প্ৰযোজিত চলচিত্ৰখনত অভিনয় কৰিছে কেনী বসুমতাৰী, সংগীতা নায়াৰ,বনী দেউৰী প্ৰমুখ্যে বহু অভিনেতা-অভিনেত্ৰীয়ে।