63
চাপৰঃ ৰাজ্যত এতিয়া ৰজাঘৰীয়াৰ উন্নয়নৰ শ্ল’গান অসাৰ। চৰকাৰ নিৰ্বাচিত কৰাৰ পিচতো ৰাইজেই গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰিবলগা হৈছে ৰাস্তা-ঘাট, দলং।
ধুবুৰী জিলাৰ চাপৰৰ দোগাছীপাৰাবাসীৰো একেই অৱস্থা। চাপৰ-শালকোছা উন্নয়ন খণ্ডৰ ধীৰেৰ চৰ-তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ দোগাছীপাৰা অঞ্চলবাসীয়ে শুকুৰবাৰে গাঁঠিৰ ধন ভাঙি, বাঁহ আদি সংগ্ৰহ কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত এখন বাঁহৰ দলং শ্ৰমদান কৰি সাজি উলিয়ায়।