1
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি হৈছে ব্যাক্তিগত আৰু কৰ্পৰেট প্ৰতিষ্ঠান৷ কিন্তু কৰ্মচাৰীৰ বাবে কিমান সুৰক্ষিত এই প্ৰতিষ্ঠানসমুহ৷ এনে সুৰক্ষিত চাকৰিৰ অভাৱৰ বাবেই এক শোকাৱহ ঘটনা সংঘটিত হ’ল পুনেত৷
২৫বৰ্ষীয়া এগৰাকী ছফটৱেৰ অভিযন্তাই চাকৰি নাপাই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পেলাইছে৷ বৃহস্পতিবাৰে এখন হোটেলৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিলে যুৱকজনে৷