খেৰণিঃ ৰাজ্যত লকডাউনৰ আজি দ্বিতীয়টো দিন। এই সময়ছোৱাত জনজীৱন স্তব্ধ হৈ পৰাৰ লগতে চৌদিশে দেখা গৈছে নিমাওমাও পৰিৱেশ। পাহাৰীয়া জিলা কাৰ্বি পাহাৰতো বিৰাজ কৰিছে একেি পৰিৱেশে। ইয়াৰ মাজতে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আহ্বান জনোৱা লকডাউন ভংগকাৰীৰ বিৰুদ্ধে জিলাখনৰ ভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে আৰক্ষীৰ।

এই অভিযানৰ অংশ হিচাপে হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৰ ফৰেষ্ট বজাৰত আৰক্ষীয়ে জৰুৰীকালীনভাৱে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত প্ৰৱেশ কৰা অথবা বাহিৰ হৈ যোৱা প্ৰতিজন ব্যক্তিক ৰখাই সোধা-পোছা অব্যাহত ৰাখিছে হামৰেন জিলা আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মীয়ে। জিলাখনত কেৱল গেলামাল আৰু ফাৰ্মাচীলৈ অহাৰ অজুহাতেৰে ৰাজপথত দুই এক ব্যক্তিয়ে চলাচল কৰা পৰিলক্ষিত হৈছে যদিও গৰিষ্ঠসংখ্যক লোকে চৰকাৰৰ আহ্বানৰ প্ৰতি সমৰ্থন আৰু পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷

পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত একমাত্ৰ ঔষধালয়, গেলামাল দোকানৰ বাহিৰে সকলো প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকা দেখা গৈছে। ৰাজপথসমূহতো জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে আন যান-বাহনৰ চলাচল চকুত পৰা নাই।

সমস্যাত এইসকল লোক

লকডাউনৰ সময়ছোৱাত স্বাভাৱিক মৃত্যু হোৱা মৃতকৰ পৰিয়াল আৰু ভুক্তভোগী পৰিয়ালটোক ওচৰ-চুবুৰীয়া তথা আত্মীয়-স্বজনসকলে সহায় কৰা, সাধাৰণ ৰোগীক চিকিৎসা প্ৰদানৰ বাবে ঘৰৰ পৰা ফাৰ্মাচী অথবা চিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হবলগীয়াত পৰিছে ভুক্তভোগী অথবা ৰোগীৰ পৰিয়ালবৰ্গই। এই সময়ছোৱাতে খেৰণি অঞ্চলত বহু কষ্টৰ মাজেৰে উপায়হীন এজন বয়োবৃদ্ধ লোকে নিজৰ বৃদ্ধা পত্নীক চাইকেলেৰে চিকিৎসাৰ বাবে নিয়াও দেখা গৈছে।

'বেমাৰ হৈ আছে। বেমাৰী মানুহ। গাড়ী-মটৰ একো নাই। চাইকেলতে লৈ যাও মেডিকেললৈ। উপায়তো নাই। বেমাৰী মানুহজনীক ঘৰতে ডাক্টৰক নেদেখুৱাকৈ কেনেকৈ থাকিব পাৰি?'-জনশূন্য ৰাজপথেৰে বৃদ্ধা পত্নীক চাইকেলৰ কেৰিয়াৰত তুলি নিয়া বয়োবৃদ্ধ লোকজনে কয়।