শ্বহীদ কনকলতাৰ জীৱন আধাৰিত ছবি পূৰব কী আৱাজ নামৰ চলচ্চিত্ৰখনত ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ সমস্ত ঘটনাৱলীক সামৰি লৈছিল। চন্দ্ৰ মুদৈৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এল পি কে জি প্ৰডাচনৰ বেনাৰত নিৰ্মিত পূৰব কী আৱাজ নামৰ হিন্দী ছবিখনৰ জৰিয়তে ভাৰতবাসীক স্বাধীনতা সংগ্ৰামত অসমৰ অৱদানৰ সন্দৰ্ভত প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰিছিল। 

newsnextone.com | গোৰেশ্বৰঃ ২০১৭ চনৰ ১০ মাৰ্চত সমগ্ৰ দেশতে মুক্তি লাভ কৰিছিল অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতাৰ জীৱন আধাৰিত হিন্দী ছবি 'পূৰব কী আৱাজ'। চিনেমাখনৰ প্ৰয়োজক লোকনাথ ডেকাই ছবিখনৰ বিভিন্ন দিশ সামৰি 'পূৰব কী আৱাজ' সঁচা অৰ্থত উত্তৰ-পূববাসীৰ সমস্বৰ বুলি অভিহিত কৰিছিল। 

প্ৰথমবাৰৰ বাবে হিন্দী কথাছবিত নাগাৰা নাম সংপৃক্ত কৰি ছবিখনৰ কৰ মুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল লোকনাথ ডেকাই। সেই কথা নুশুনিলে চৰকাৰে৷ চিনেমাখনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মনৰ কথা ভাৰতীয় লোকে শুনিবলৈ পাব বুলি গোৰেশ্বৰ নিবাসী প্ৰযোজক ডেকাই মনৰ ভাব ব্যক্ত কৰিছিল তেতিয়াই। ছবি খনত অসমৰ লোক-কৃষ্টি সঠিক ভাৱে তুলি ধৰাৰ প্ৰয়াস কৰাল লগতে প্ৰযোজকগৰাকীয়ে জনোৱা মতে বিহু গীতৰ লগতে নাগাৰা নামো ব্যৱহাৰ কৰিছিল ছবিখনত। 

কনকলতাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনে ভাৰতীয় স্বাধীনতা অন্দোলনত অসমৰ অৰিহণাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে বলিষ্ঠ ভাৱে তুলি ধৰিবলৈ  এক বিনম্ৰ প্ৰয়াস কৰে প্ৰযোজক ডেকাই। উল্লেখ্য যে, চন্দ্ৰ মুদৈৰ পৰিচালনাত ছবি খনে মুক্তিৰ পূৰ্বেই বলীউডত বিশেষ চৰ্চা লাভ কৰাৰ লগতে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল যদিও জাতি-মাটিৰ কথা কৈ গাদী দখল কৰা বিজেপি চৰকাৰে অসমৰ এগৰাকী লোকে কেইবা কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা বোলছবি খনক গুৰুত্ব প্ৰদান নকৰিলে৷  

৪ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, অভিনেতা নিপন গোস্বামী, বিজু ফুকনকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে ছবি খন উপভোগ কৰিছিল। চিত্ৰায়ণত সন্তুষ্ট মুখ্যমন্ত্ৰীয়ে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ অসম তথা ভাৰতৰ ৰাইজক আহ্বান জনাইছিল। শ্বহীদ কনকলতাৰ জীৱন আধাৰিত ছবি পূৰব কী আৱাজ নামৰ চলচ্চিত্ৰখনত ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ সমস্ত ঘটনাৱলীক সামৰি লৈছিল।

চন্দ্ৰ মুদৈৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এল পি কে জি প্ৰডাচনৰ বেনাৰত নিৰ্মিত পূৰব কী আৱাজ নামৰ হিন্দী ছবিখনৰ জৰিয়তে ভাৰতবাসীক স্বাধীনতা সংগ্ৰামত অসমৰ অৱদানৰ সন্দৰ্ভত প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু সদায় অসমক মাহীআইৰ দৃষ্টিৰে চাব খোজা দিল্লীৰ বঞ্চনা যেন আকৌ এবাৰ প্ৰমাণ হ’ল পূৰব কী আৱাজ ছবি খনৰ জৰিয়তে। বাক্সা জিলাৰ গোৰেশ্বৰ প্ৰেছ ক্লাৱত প্ৰযাজক লোকনাথ ডেকাই এখন সংবাদ মেল অনুষ্ঠিত কৰি অসমীয়া আৰু অসমৰ চিনেমাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷

ছবি খনে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিছিল যদিও ছবিঘৰ সমূহত বিশেষ ব্যৱসায় কৰিবলৈ সক্ষম নহ'ল। অসমৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখন ব্যৱসায়িকভাৱে নহ’লেও সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰে৷ প্ৰযোজক লোকনাথ ডেকাই আশা প্ৰকাশ কৰিছিল ছবি খন অসমীয়া ভাষাত ‘এপাহ ফুলিল এপাহ সৰিল’ নামেৰে মুক্তি দিয়া হ’ব৷ কিন্তু অৰ্থৰ অভাৱত থমকি ৰ'ব লগা হৈছে ডেকাই৷

প্ৰযোজকগৰাকীয়ে অসমৰ পটভূমিক তুলি ধৰিবলৈ যত্ন কৰা এই ছবিখন দিল্লী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱাৰ কামনা কৰিছিল৷ দূৰদৰ্শন কেন্দ্ৰত প্ৰচাৰৰ বাবে নৰ্থইষ্ট সাংসদ ফ'ৰামৰ অধ্যক্ষ ভূৱনেশ্বৰ কলিতাক সাক্ষাৎ কৰিছিল৷ সাংসদ ফ'ৰামৰ কেবাজনো বিষয়-ববীয়াই দেশভক্তিমূলক ছবিখন উপভোগ কৰি ২০১৭ চনৰ ২৯ মে'ত তেতিয়াৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ মন্ত্ৰী ভেংকয়া নাইডুলৈ পত্ৰ লিখিছিল। প্ৰচাৰ ভাৰতীয়ে সাংসদ ফ'ৰামলৈ চিঠি লিখি পূৰব কী আৱাজ ছবি খন দূৰদৰ্শন যোগে প্ৰচাৰৰ বাবে নিৰ্বাচিত হোৱাৰ কথা অৱগত কৰে।

সেই মৰ্মে প্ৰযোজক ডেকাই ২০১৭ চনৰ ২৮ জুনত নিজৰ মাননী পোন্ধৰ হাজাৰ টকা দিল্লী প্ৰচাৰ ভাৰতীত জমা দি যাৱতীয় কামকাজ কৰে। কিন্তু প্ৰচাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতো আজিকোপতি ছবিখন প্ৰচাৰ নকৰিলে প্ৰচাৰ ভাৰতীয়ে। পুনৰ ২০১৭ চনৰে ১ জুলাইত সাংসদ ফ'ৰামৰ অধ্যক্ষ ভূৱনেশ্বৰ কলিতাই ভেংকায়া নায়ডুলৈ পত্ৰ প্ৰেৰণ কৰি অসমৰ প্ৰযোজকৰ ছবিখন প্ৰদৰ্শন কৰিবলৈ দাবী জনাই আৰু ছবিখনৰ ক্ষেত্ৰত কি পদক্ষেপ লোৱা হৈছে জানিব বিছাৰে কলিতাই৷ কিন্তু আজিলৈ সাংসদ ফ'ৰাম কিম্বা প্ৰযোজক লোকনাথ ডেকাক তাৰ উত্তৰ নিদিলে কেন্দ্ৰীয় চৰকাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। পুনৰ ৩১ অক্টোবৰত নতুন তথ্য আৰু প্ৰচাৰ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণীকো এই বিষষে অৱগত কৰোৱা হ'ল কিন্তু আজিলৈ চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে।

ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ছবিখনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে লোকনাথ ডেকাই। ছবিখনৰ প্ৰথম প্ৰিমিয়াৰ শ্বো
মুখ্যমন্ত্ৰীয়ে নিজে উপভোগ কৰি প্ৰশংসা কৰিছিল যদিও পিছত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে। বলিউডৰ অন্য ছবিৰ প্ৰকোপত অসমীয়া ছবি নচলাৰ দৰে অসমৰ পটভূমিত হিন্দী ভাষাত নিৰ্মিত ছবিৰ ক্ষেত্ৰতো যে এনে হেমাহি হ'ব পাৰে তাকে লৈ উষ্মা প্ৰকাশ কৰিছে প্ৰযোজকগৰাকীয়ে। আনকি জি টিভি যোগেও ছবি প্ৰচাৰৰ বাবে যোগ্য বিবেচিত হোৱাৰ পিছতো কি কাৰণে আজিলৈ ছবিখনক লৈ ষড়যন্ত্ৰ চলিছে তাকে লৈ উদ্বিগ্ন হৈ পৰিছে সাংস্কৃতিক কৰ্মীজন। সংবাদ মেলত এল পিকেজিৰ প্ৰডাকচনৰ নিয়ন্ত্ৰক খৰ্গেশ্বৰ বৰা আৰু আনন প্ৰডাকচনৰ উদ্যোক্তা তথা সাংস্কৃতিক কৰ্মী সোণবৰ বৰুৱা উপস্থিত থাকে।