গুৱাহাটীঃ নতুন মোৰ লৈছে ৰাজ্যখনৰ কেবাগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা-আমোলাৰ ভবিষ্যত সাঙোৰ খাই থকা লুইচ বাৰ্জাৰ কেলেংকাৰীয়ে। এই সম্পৰ্কীয় ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ বৃহস্পতিবাৰে অনুষ্ঠিত শুনানিৰ পিছতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আলোড়ন সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উক্ত কেলেংকাৰী সন্দৰ্ভত CBI তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত স্বৰাজ অধিকাৰ সংগ্ৰাম, অসমৰ ভবেন সন্দিকৈ আৰু দুই সহযোগী সংগঠনৰ নেতৃত্বই আদালতত ২০১৫ বৰ্ষৰ আগষ্টত দাখিল কৰা ৮৫/২০১৫ নম্বৰৰ PILখনৰ যোৱা ৩১ জুলাইৰ পাছত আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মঞ্জিত ভূঞাৰ আদালতত শুনানি অনুষ্ঠিত হয়।