গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্যৰে চহকী৷ কিন্তু প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেশৰ আন আন প্ৰান্তৰ লোকে বৰ্ণিল সংস্কৃতিৰ কথা অৱগত নহয়৷ 

সংকটাপন্ন কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক দেশৰ সন্মুখত দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে দেশৰ চৰকাৰে৷ ইখন ৰাজ্যৰ সিখন ৰাজ্যৰ লোকক পৰিচয় কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰিছে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আঁচনি৷

দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্য সমূহৰ কলা সংস্কৃতি, পৰম্পৰা, গীত-মাত, নৃত্য, পৰম্পৰাগত বস্ত্ৰসমূহ দেশৰ আন প্ৰান্তৰ লোকক পৰিচিত কৰিবলৈ চৰকাৰে গুজৰাটত অনুষ্ঠিত কৰিছে মাধৱপুৰ মেলা৷ 

সাংস্কৃতিৰ জৰিয়তে সমন্বয় গঢ় দিবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰে চৰকাৰে৷ কেন্দ্ৰীয় ৰাজ্যিক সাংস্কৃতিক মন্ত্ৰী ড০ মহেশ শৰ্মাই সাংস্কৃতিক মন্ত্ৰণালয়ে গুজৰাটৰ পোৰবন্দৰ জিলাৰ মাধৱপুৰ ঘেড়ত ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ মাধৱপুৰ মেলাৰ আয়োজন কৰিছে বুলি ইতিমধ্যে অৱগত কৰে৷ 

মেলাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শ্ল’গানক বাস্তৱত ৰূপায়িত কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিসমূহ একত্ৰিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে৷ গুজৰাটৰ মাধৱপুৰ মেলাই অৰুণাচল প্ৰদেশৰ মিছিমি জনজাতিৰ সৈতে ইয়াৰ সংযোগ বিনিময় কৰিছে বুলি কয় মন্ত্ৰী মহেশে৷

মন্ত্ৰীগৰাকীয়ে আইজিএনচিএ, সাংস্কৃতিক মন্ত্ৰণালয়ৰ মানৱ সংগ্ৰহালয়, গুজৰাট, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু আন আন ৰাজ্যসমূহে অংশগ্ৰহণ কৰিব বুলি কৈ মেলাখনে দেশৰ সংস্কৃতিৰ ক্ষেত্ৰত অন্য মাত্ৰা প্ৰদান কৰিব বুলিও কয়৷

উত্তৰ পূৰ্বাঞ্চলৰ ১৫০গৰাকী লোকক মাধৱপুৰ মেলাত সম্বৰ্ধনা জনাব সাংস্কৃতিক মন্ত্ৰণালয়ে৷ মন্ত্ৰীগৰাকীয়ে এই বৰ্ষৰ মহোৎসৱৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক সাৰোগত কৰি পূবৰ পৰা পশ্চিমলৈ সংহতি স্থাপনৰ প্ৰয়াস কৰা হৈছে৷ 

পশ্চিমবংগক বাদ দি সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও এই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ শিবিৰত অংশগ্ৰহণ কৰিব৷ শিক্ষাৰ্থী, ক্ৰীড়া তথা সংস্কৃতিৰ বিনিময়ৰ উদ্দেশ্যে একত্ৰিত হ’ব৷ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সচিব ৰাঘৱেন্দ্ৰ সিঙে মাধৱপুৰৰ স্থানীয় ক্ষেত্ৰ তথা মন্দিৰসমূহৰ উন্নতি সাধন কৰা হৈছে আৰু এনে ধৰণৰ অনুষ্ঠান তথা সাংস্কৃতিক বিনিময়ৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰাৰ প্ৰক্ৰিয়া ভৱিষ্যতেও কৰা হ’ব৷

উল্লেখ্য যে, সাংস্কৃতিক মন্ত্ৰী, ড০ মহেশ শৰ্মা, কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী, অৰুণাচলৰ ৰাজ্যপাল ড০ বিডি মিশ্ৰা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিং মেলাত উপস্থিত থাকিব৷

চাৰি দিনীয়া সাংস্কৃতিক মহোৎসৱত অউত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক পোৱা যাব৷ 

মাধৱপুৰৰ মেলাত অসমৰ নাট্য দলে ৰুক্মিণী হৰণ নাট প্ৰদৰ্শন কৰিব৷ মণিপুৰৰ নাট্য দলে খুল্লুং ইশেই আৰু গীত পৰিৱেশন কৰিব৷ অৰুণাচলৰ মিছিমি জনজাতিয়ে ৰুক্মিণী-কৃষ্ণৰ কাহিনীৰ ভিত্তিত নৃত্য-নাটক পৰিৱেশন কৰিব৷ 

মেলাত গুজৰাটকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ হস্ততাঁত শিল্পৰ ক্ৰয়বিক্ৰয় প্ৰদৰ্শনী অনুষ্ঠিত হ’ব৷ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফ’ৰ দা আৰ্টছ আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়ে কৃষ্ণ আৰু ৰুক্মিণী সন্দৰ্ভত দৃশ্য কলা প্ৰদৰ্শন কৰিব৷