newsnextone.com | ডিব্ৰুগড়ঃ দেউতা যদি মই কেৱল টকাৰ অভাৱৰ বাবেই গ্ৰীচ দেশৰ আইজলেণ্ডত খেলাৰ পৰা বঞ্চিত হওঁ, তেন্তে জীয়াই থকাৰ আশাই এৰিম। অসম অৰুণাচলৰ সীমান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক সোণজান গাঁৱৰ ৰূপেশ্বৰ বৰগোঁহাই আৰু স্বৰ্ণলতা বুঢ়াগোহাঁইৰ মুকবধিৰ পুত্ৰ মাধুৰ্য বুঢ়াগোহাঁয়ে অৱশেষত এখ পত্ৰ লিখি এই কথা জনালে পিতৃক৷ দীৰ্ঘ জীৱন সংগ্ৰামৰ ফল লাভ কৰি আগুৱাই যাব নোৱাৰি বাৰ বাৰে হাহাকাৰ কৰি উঠা অন্তৰক শান্তি দিবলৈ পিতৃক এই কথা এখন কাগজত লিখি জনালে মাধুৰ্য বুঢ়াগোহাঁয়ে৷ জীৱন যাত্ৰাৰ একাবেকা পথ আগুৱাই যাব নোৱাৰি মাধুৰ্যই বাৰে বাৰে অসমৰ মন্ত্ৰী-বিধায়ক, জাতীয় দল-সংগঠনৰ পৰা সহায় বিচাৰি হায়ৰাণ হৈ মনোকষ্ট লাভ কৰি অৱশেষত যেন মাধুৰ্যই ভাগৰি পৰিল৷
জাতিৰ মাটিৰ কথা ৰৈ বৰ বৰ কথা কোৱা লোকসকলে আজি মাধুৰ্যৰ ওচৰত নাই৷ অসমীয়া জাতিৰ নামত অসমীয়া যুৱক-যুৱতীৰ নামত ৰাজনীতি কৰা লোকসকলে এগৰাকী সাধাৰণ পৰিয়ালৰ সন্তানক সহায় কৰিবলৈ ওলাই নাহিল৷ সেয়া তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, প্ৰফুল্ল কুমাৰ মহন্ত, বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অখিল গগৈ, লুৰিণ জ্যোতি গগৈ, হাগ্ৰামা মহিলাৰী, পুতুল দত্ত যিয়ে নহওক কিয় কোনেও এবাৰলৈ সহায় কৰিবলৈ ওলাই নাহিল সাধাৰণ ঘৰৰ যুৱকজনক৷ এইসকল নেতাই কাৰ বাবে ৰাজনীতি কৰে তাকেই লৈ উত্থাপন হৈছে প্ৰশ্নৰ৷ জাতীয় সংগঠনে তেওঁক আৰ্থিক ভাৱে সহায় কৰিব নোৱাৰিলেও তেওঁক সহায় কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিব পাৰিলে হেতেন৷ এইখিনি কৰাৰ প্ৰয়োজন আছিল জাতীয় সংগঠন সমূহৰ৷