গুৱাহাটীঃ আজি অনুষ্ঠিত চেঙা মধ্য কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপি আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভক লৈ চেঙা বিজেপি আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কাৰ্য্যকৰ্তা সকলোৰ মাজত দেখা গৈছে উল্লাস আনন্দ।
চেঙা মুছলমানপাৰা নিবাসী ছাত্ৰ আজিবুল ৰহমানে এবিভিপি আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সমৰ্থনত মধ্য কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত বিশাল ভোটত জয়লাভ কৰে। থিক তেনেদৰে এবিভিপি আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সমৰ্থনত সাধাৰণ সম্পাদকৰ পদত অলকেশ দাসে ৭১ টা ভোটৰ ব্যৱধানত তেওঁ প্ৰতিদ্বন্দিক পৰাজয় কৰে।