ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু চাইনা নেহৱাল চকুৰ কুটা, দাতৰ শাল হেন হৈ পৰিছে মাওবাদী উগ্ৰপন্থীৰ। সেয়ে তাৰকা দুজনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে৷
দৰাচলতে সুকুমাত নক্সালপন্থীৰ হাতত নিহত হোৱা সৈনিকসকলৰ পৰিয়ালক এই দুই তাৰকাই আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবেই উগ্ৰপন্থী সংগঠনটোৰ ৰোষত পৰিবলগীয়া হৈছে অক্ষয় আৰু চাইনা৷ পিপলছ লিবাৰেছন গৰিলা আৰ্মী নামৰ মাওবাদী সংগঠনটোৱে আজি প্ৰকাশ কৰা এখন পুস্তিকাত অভিনেতা আৰু খেলুৱৈগৰাকীৰ উক্ত কাৰ্যক নিন্দা কৰাৰ লগতে ভৱিষ্যতে দুয়োগৰাকীকে এনে ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি দিছে সংগঠনটোৱে৷