newsnextone.com | ডিজিটেল ডেস্কঃ শ্ৰীনগৰৰ এখন বিলাসী হাটেলত এগৰাকী মহিলাৰ সৈতে উদ্ধাৰ হৈছে ভাৰতীয় সেনাৰ মেজৰ লিতুল গগৈ৷ ইতিমধ্যে আৰক্ষীয়ে গগৈক আটক কৰিছে কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰা বুলি স্থানীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰে৷
শ্ৰীনগৰৰ মমতা নামৰ হোটেলত সেনাৰ বিষয়াগৰাকীক আটক কৰাৰ পিছত স্থানীয় খানয়াৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ আনহাতে হোটেলৰ কোঠাত উদ্ধাৰ হোৱা আন এগৰাকী পুৰুষ আৰু মহিলাগৰাকীকৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে৷