newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যজুৰি৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে তিনিচুকীয়াত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাক্তন চাবুৱাৰ বিধায়ক ৰাজু চাহুৰ নেতৃত্বত তিনিচুকীয়া জিলা কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ উলিওৱা প্ৰতিবাদী সমদলত কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশ লয়৷ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয় যে বিজেপি চৰকাৰে বলপূৰ্বকভাৱে জাপি দিবলৈ বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে সদায় প্ৰতিবাদ কৰি যাব৷