68
কাইৰোঃ মিছৰীয় সভ্যতাত মেকুৰীৰ এক বিশেষ স্থান আছিল। এয়াই প্ৰমাণ হৈছে শেহতীয়া এক আৱিষ্কাৰত। ইজিপ্তৰ মেমফি নামৰ ঠাইখনৰ এটা পিৰামিডত পোৱা গৈছে বহুতো মেকুৰীৰ মাম্মি।
দেশখনৰ পুৰাতত্ব বিভাগে শনিবাৰে ঘোষণা কৰে যে এটা বিশেষজ্ঞৰ দলে বহুতো মাম্মি কৰা মেকুৰীৰ লগতে ১০০ টা কাঠৰ মেকুৰীৰ মূৰ্তি আৰু পৌৰাণিক ইজিপ্তৰ মেকুৰীৰ দেৱী ‘বাষ্টেট’ৰ ১২ টা মূৰ্তি আৱিষ্কাৰ কৰিছে। এই মাম্মিসমূহ ৬০০০ বছৰ পুৰণি বুলি প্ৰকাশ।