খেৰণিঃ খেৰণিত কপিলী নৈৰ পানীত কালিৰে পৰা সন্ধানহীন হৈ থকা এজন ব্যক্তিৰ মৃতদেহ আজি উদ্ধাৰ হয়। স্থানীয় একাংশৰ সহযোগত SDRFৰ দলে উদ্ধাৰ কৰে সূৰুয বিশ্বকৰ্মা (৪৩) নামৰ লোকজনৰ মৃতদেহটো।
প্ৰায় ডেৰ ঘণ্টীয়া অভিযানৰ অন্তত SDRFৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সূৰুজ বিশ্বকৰ্মাৰ মৃতদেহ। উল্লেখ্য যে কালি খেৰণি থানাৰ অন্তৰ্গত খেৰণি নেপালীবস্তিৰ পৰা আমৰেং বনাঞ্চলত খৰি লুৰিবলৈ বাদল বিশ্বকৰ্মা (১৩), বাদল বিশ্বকৰ্মা (১৫) আৰু ৰাজকুমাৰ বসুমতাৰীৰ সৈতে গৈছিল সূৰুয বিশ্বকৰ্মা।