61
ডিজিটেল ডেস্কঃ পুৰুষৰ সকলো ভাল গুণেৰে জীপাল হৈ থাকে পতিতালয়ৰ দুৱাৰৰ সন্মুখৰ মাটি। কোৱা হয়, বেশ্যালয়ত প্ৰৱেশৰ পূৰ্বে দুৱাৰমুখত সততা আৰু সকলো গুণ দেহৰ পৰা বিসৰ্জন দিয়ে পুৰুষে। যাৰ বাবে সদায়ে পৱিত্ৰ পতিতালয়ৰ দুৱাৰৰ ভূমি।
এই বিশ্বাসৰ বাবে দেৱী প্ৰতিমা নিৰ্মাণতো ব্যৱহাৰ কৰা হয় বেশ্যালয়ৰ মাটি। পিছে হাজাৰ হ’লেও কিজানি পতিতালয়ৰ দুৱাৰত প্ৰেমক বিসৰ্জন দিব নোৱাৰে অভিমানী পুৰুষে। সকলো গুণ শোষণ কৰা ভূমিভাগেও আকৰ্ষণ কৰিব নোৱাৰে প্ৰণয়ক।