মুৰেনাঃ দিল্লীৰ এখন হোটেলৰ ডেলিভাৰী মেন মধ্যপ্ৰদেশৰ মুৰেনা জিলাৰ ৰণবীৰ। জীৱনত সকলো প্ৰায় ঠিকেঠাকেই আছিল। কৰ’না আহি খেলিমেলি লগাই দিলে গোটেইখন। ২১ দিনৰ লকডাউন। ইমান দীঘলীয়া সময় কাম নকৰাকৈ কটাবলৈ ৰণবীৰৰ হাতত জমাধন বুলিবলৈ একোৱেই নাছিল। দিনটো ডেলিভাৰী দিয়াৰ বাবদ যি ধন পাইছিল তাৰেই নিজেই চলিছিল আৰু ৰৈ যোৱাখিনি ঘৰলৈ পঠিয়াই দিছিল।
দিল্লীৰ পৰা তেওঁৰ নিজৰ গাঁও মুৰেনাৰ বড়ফৰালৈ দূৰত্ব ৩২৬ কিলোমিটাৰ। কৰ’নাই সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পিছত তেওঁৰ হাতত আছিল দুটা অপশ্যন। প্ৰথমটো হৈছে ২১ দিন কোনোমতে দিল্লীতে থকা। দ্বিতীয়তে ৩২৬ কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ যোৱা। প্ৰথমটো অপশ্যন তেওঁৰ বাবে মুঠেই সহজ নাছিল। কিয়নো যিখন হোটেলত তেওঁ আছিল সেইখন বন্ধ হৈ পৰিছিল। দিল্লীৰ দৰে মহানগৰীত তেওঁৰ দৰে এজন সাধাৰণ লোকক বিনা পইছাত ২১ টাকৈ দিন আশ্ৰয় দিবলৈ আগবাঢ়ি অহা লোকৰো অভাৱ আছিল। সেয়ে শেষ মুহূৰ্তত দ্বিতীয়টো পথ বাছি লৈ আৰম্ভ কৰিছিল পদযাত্ৰা।