newsnextone.com | চতিয়া: মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেচনেল অকিনাৱান গজু-ৰৰ্য়ু কাৰাটে ড' ফেডাৰেচনৰ  (International Okinawan Goju-Ryu Karate-Do Federation) দ্বাৰা আয়োজিত ইণ্টাৰনেচনেল কাৰাটে ড' চেম্পিনশ্বিপ ২০১৮ (International Karate Do Championship 2018 at Malaysia) ত অসমৰ হৃদয়ানন্দ দাস, মিলনজ্যোতি বৰদলৈ আৰু চনম লামা অংশগ্ৰহণৰ বাবে সাজু হৈছে৷

উল্লেখ্য যে, হৃদয়ানন্দ দাসে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত কেৱল খেলুৱৈ হিচাপেই নহয়, দেশীয় দলৰ প্ৰশিক্ষক, দল পৰিচালক, বিচাৰক হিচাপেও অংশগ্ৰহণ কৰি অনেক পদক আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

 

 বৰ্তমান নৰ্থ ইষ্ট ডাইৰেক্টৰ অফ চৈ কোয়াং ড' ইণ্ডিয়া (North East Director of Choi Kwang Do India) ৰ সভাপতি আৰু চটোকান কাৰাটে ড' ইণ্ডিয়াৰ (Shotokan Karate do India)  উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হৃদয়ানন্দ দাসে আছাম চৈ কোয়াং ড'ৰ(Assam Choi Kwang Do) সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰি আছে৷ 

কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সমৰকলাৰ খ্যাতনামা ব্যক্তিসকলৰ সৈতে অংশগ্ৰহণ কৰি অহা হৃদয়ানন্দ দাসৰ সমৰকলাৰ প্ৰশিক্ষণ কেন্দ্ৰ "চেম্পিয়নচ মেকাৰ একাডেমী"ৰ খ্যাতি অক্ষুন্ন ৰখাত সক্ষম হৈছে আৰু তেওঁৰ অধীনত প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীৰ সফলতাই এই কথাই প্ৰমাণ কৰি আহিছে৷ 

উল্লেখ্য যে, সমৰকলাৰ এই প্ৰশিক্ষণ কেন্দ্ৰই ৰাজ্যখনৰ একাধিক জিলাত ইয়াৰ শাখা খুলি সমৰকলাক জনপ্ৰিয় কৰাৰ লগতে অনেক সুপ্ত প্ৰতিভাৰ প্ৰকাশ আৰু বিকাশেৰে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰ আৰু মহিলাৰ আত্মৰক্ষাৰ ক্ষেত্ৰতো সচেতনতা জগাবলৈ প্ৰয়াস কৰি আহিছে। আৰু এইক্ষেত্ৰত ৰাইজৰো ব্যাপক সঁহাৰি লাভ কৰিছে৷ ৩০ আগষ্টত, গুৱাহাটীৰ পৰা মালয়েছিয়ালৈ আৰম্ভ হ’ব লগা তেওঁলোকৰ এই যাত্ৰাই নিশ্চয় ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব।