গুৱাহাটীঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা &TVৰ Voice India Kidsৰ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা মানসী চহৰীয়াই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। পৰিয়ালৰ লোকৰ সৈতে অসম বিধান সভাৰ সচিবালয়ত মুখ্যমন্ত্ৰী সোণোৱালে মানসীক সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷
&TVৰ Voice India Kidsৰ মুল প্ৰতিযোগিৰ বিজয়ী অসম সন্তান মানসীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা মানসীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতা &TVৰ Voice India Kidsৰ প্ৰথম স্থান লাভ কৰে।