দলংঘাটঃ অসম কন্যা মানসীক লাগে আপোনাৰ মৰম-চেনেহ। &TVৰ Voice India Kidsৰ মুল প্ৰতিযোগি অসমৰ মানসীয়ে আপোনাৰ পৰা বিছাৰিছে সহাৰি৷ আপোনাৰ সহাৰিয়ে মানসীক উজলাই তুলিব ৰাষ্ট্ৰীয় পৰ্যায়ত। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী তথা দৰঙৰ উদমাৰী গাঁৱৰ মানসী চহৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত প্ৰতিযোগিতাত সকলোৰে হৃদয়-মন জয় কৰিবলৈ সক্ষম হৈছে। নিজৰ যাদুকৰি কন্ঠৰে একাধিক প্ৰতিযোগিক পিছ পেলাই ‘ভইচ অৱ কিডছ’ প্ৰতিযোগিতাত অন্তিম ১২ গৰাকী প্ৰতিযোগিৰ মাজত স্থান লাভ কৰিছে।
৩ বছৰ বয়সৰ পৰাই সংগীতৰ শিক্ষা গ্ৰহণ কৰা মানসী চহৰীয়াই তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই মঙলদৈৰ চপাইত অনুষ্ঠিত হোৱা ভইচ অৱ দৰং প্ৰতিযোগিতাত লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ খিতাপ। ১১ বছৰীয়া কিশোৰীগৰাকীয়ে &TVৰ Voice India Kidsৰ প্ৰতিযোগিতাতো দুটাকৈ ৰাউণ্ডত সফলতাৰে পাৰ কৰি মূল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।