দৰংঃ মঙ্গলদৈ সমীপৰ নাহৰবাৰী গাওঁত সোমবাৰৰ বিয়লি এগৰাকী নৱ-বিবাহিতা বোৱাৰী অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত। এগৰাকী নৱবিৱাহিতা অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰাৰ ঘটনাই আৰক্ষীক এক ৰহস্যজনক গভীৰতালৈ ঠেলি দিছে৷ ঘটনাটোৱে ব্যাপক ৰহস্য সৃষ্টি কৰাৰ লগতে সমগ্ৰ ঘটনাটোক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।
ৰহস্যজনক পৰিস্থিতিত মৃত্যু মুখত পৰা মহিলাগৰাকীৰ নাম বিতুমনি হাজৰিকা। মৃত বোৱাৰী গৰাকীৰ পিতৃয়ে কৰা অভিযোগ অনুসৰি স্বামী কিৰিটি বৰুৱাৰ পৰনাৰীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই পৰিকল্পিতভাৱে এই হত্যা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ কৰিছে৷ জানিব পৰা মতে, কিৰিটি আৰু বিতুমণি হাজৰিকাৰ মাজত সুদীৰ্ঘ বাৰ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত চাৰিমাহ পূৰ্বে তেওঁলোকৰ বিবাহ হয়৷