কাজিৰঙঃ গাঁৱে গাঁৱে গৈ প্ৰচাৰ অভিযান চলালে অগপ সভাপতি অতুল বৰাই ৷বাদ পৰি যোৱা নাই কোনো এটা অঞ্চল৷পঞ্চায়ত নির্বাচনৰ দিন ধার্য হোৱাৰ লগে-লগে বোকাখাত সমষ্টিত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা তথা অগপৰ দলীয় কর্মী সকলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে বিশেষকৈ কেবিনেট মন্ত্রী তথা দলীয় সভাপতি অতুল বৰাৰ সমষ্টি হৈছে বোকাখাত ।গতিকে এই পঞ্চায়ত নির্বাচন মন্ত্রীজনৰ কাৰণে এক সম্মানৰ যুঁজ হিচাপে বিবেচিত হৈছে।
কাজিৰঙাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ অগপৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বিস্ফোৰক মন্তব্য প্ৰদান কৰাক লৈ এতিয়া নিৰ্বাচনৰ গৰম বতাহজাক আৰু গৰম হৈ উঠিছে৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আগন্তুক সময়ত বিজেপিৰে মিত্ৰতা বাহাল ৰখাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত “বিবাহ বিচ্ছেদ ঘটাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু মিত্ৰতা ভংগ কৰিবলৈ আমাৰ এক চেকেণ্ডৰো সময় নালাগে” বুলি এক বিস্ফোৰক মন্তব্য দাঙি ধৰে অগপৰ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাই।