ইম্ফলঃ যিটো সময়ত গণতান্ত্ৰিক দেশ ভাৰতত ৰাজনৈতিক দলসমুহৰ ৬৯ শতাংশ পুঁজিয়েই বেনামী বুলি তথ্য প্ৰকাশ পাইছে আৰু শাসকীয় দলকে ধৰি দেশখনৰ প্ৰমুখ ৰাজনৈতিক দলসমুহ ইয়াৰপৰা সাৰি যাব পৰা নাই, এনে এক সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যত দেখা গৈছে ৰাজনৈতিক পুঁজি সংগ্ৰহৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা।
এই প্ৰচেষ্টাৰ নাম হৈছে ‘টেন ফৰ আ চেঞ্জ’। ৰাইজৰপৰা দহ টকাকৈ তুলি ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই। শৰ্মিলাৰ নৱগঠিত পিপলচ্ ৰিচাৰ্জেন্স জাষ্টিচ এলায়েন্স চমুকৈ প্ৰজাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কোনো বণিক গোষ্ঠীৰ কাষ চপা নাই শৰ্মিলাই।