ইম্ফলঃ যিটো সময়ত গণতান্ত্ৰিক দেশ ভাৰতত ৰাজনৈতিক দলসমুহৰ ৬৯ শতাংশ পুঁজিয়েই বেনামী বুলি তথ্য প্ৰকাশ পাইছে আৰু শাসকীয় দলকে ধৰি দেশখনৰ প্ৰমুখ ৰাজনৈতিক দলসমুহ ইয়াৰপৰা সাৰি যাব পৰা নাই, এনে এক সময়তে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যত দেখা গৈছে ৰাজনৈতিক পুঁজি সংগ্ৰহৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা।

এই প্ৰচেষ্টাৰ নাম হৈছে 'টেন ফৰ আ চেঞ্জ’। ৰাইজৰপৰা দহ টকাকৈ তুলি ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই। শৰ্মিলাৰ নৱগঠিত পিপলচ্ ৰিচাৰ্জেন্স জাষ্টিচ এলায়েন্স চমুকৈ প্ৰজাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কোনো বণিক গোষ্ঠীৰ কাষ চপা নাই শৰ্মিলাই। 

সন্ত্ৰাসবাদ আৰু কেন্দ্ৰ চৰকাৰৰদ্বাৰা জাপি দিয়া সেনাবাহিনীৰ অত্যাচাৰে জুৰুলা কৰাৰ সততে অভিযোগ উঠা ৰাজ্যখনত ৰাজনীতিৰ পৰিৱৰ্তনৰ যোগেদি শান্তি আৰু ন্যায় অনাৰ অংগীকাৰ কৰিছিল শৰ্মিলাই। সেয়ে ৰাইজৰ চৰকাৰ গঠনৰ হকে পুঁজিৰ বাবে ৰাইজৰে কাষ চাপিছে শৰ্মিলাই। চাইকেল চলাই ঘৰে ঘৰে গৈ দলৰ খা-খৰচৰ বাবে দান-বৰঙনি গোটাইছে 'প্ৰজা’ই। মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱা শৰ্মিলাই কৰ্মীৰ অভাৱত অনলাইনযোগেও অনুদান গোটোৱাৰ অভিযান চলাইছে।     

প্ৰচলিত ৰাজনৈতিক ধাৰাক প্ৰত্যাহ্বান জনোৱা প্ৰজাৰ এই কামত হাত উজান দিছে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ ৫০ হাজাৰ টকাৰ উপৰিও আপৰ বিধায়ক ভগৱন্ত মানেও তেওঁৰ এক মাহৰ দৰমহা দি উৎসাহ যোগাইছে শৰ্মিলাৰ প্ৰচেষ্টাত।

মানৱাধিকাৰৰ হকে বিগত প্ৰায় ডেৰটা দশক জুৰি সংগ্ৰাম চলাই অহা শৰ্মিলাই ১৫ বছৰ শাসনত থকা কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে যুঁজ দিব বিধানসভা নিৰ্বাচনত। অহা ৪ আৰু ৮ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটদান।