মিউনিখঃ বিশ্বৰ কোনো এটা চুকত আইছিছৰ সন্ত্ৰাসবাদী ঘাটিৰ কম্পিউটাৰ স্ক্ৰীণৰপৰাই সৃষ্টি হ’ব পাৰে মহামাৰীৰ বীজ। জেনেটিক ইঞ্জিনিয়াৰিঙৰ যোগেদি নিৰ্মিত সংশ্লেষিত ভাইৰাছৰ সংস্কৰণে সন্ত্ৰাস কঢ়িয়াব পাৰে বিশ্ববাসীলৈ।
এনেকুৱাই এক অপ্ৰত্যাশিত সন্ত্ৰাসে জোকাৰি যাব পাৰে বিশ্ববাসীক। দুৰাৰোগ্য এই ভাইৰাছে এবছৰৰ ভিতৰতে প্ৰাণ কাঢ়িব ৩ কোটি লোকৰ। কিন্তু ঘুণাক্ষৰেও কোনোৱে গম নাপাব যে সেয়া এক পৰিকল্পিত হত্যাকাণ্ড। আনকি সেয়া মোকাবিলা কৰাৰ বাবে কোনোধৰণৰ প্ৰস্তুতি নাই কোনো এখন দেশৰে। শনিবাৰে মিউনিখ সুৰক্ষা সন্মিলনত এই আশংকা ব্যক্ত কৰিছে মাইক্ৰ’চফট কৰ্প’ৰেশ্যনৰ সহপ্ৰতিষ্ঠাতা বিল গেটচে।