নতুন দিল্লীঃ বিপদ সন্নিকট ! ভাৰতত ক্ৰমান্বয়ে ঘনীভূত হৈ পৰিছে প্ৰদূষণৰ সংকট। প্ৰতিদিনে বিষাক্ত হৈ আহিছে দেশখনৰ বায়ুমণ্ডল। পৰিণামত দেশখনত প্ৰত্যেক মিনিটতে ২ জনকৈ লোকৰ প্ৰাণ লৈছে প্ৰদূষণে ৷
দা লেনচেট নামৰ বৃটিছ গৱেষণাপত্ৰখনত শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। এই সমীক্ষাৰ ফলাফলমতে উত্তৰ ভাৰতত বায়ু প্ৰদূষণৰ হাৰ আন ঠাইসমুহতকৈ বেছি৷ ৪৮ জন বিজ্ঞানীয়ে মুকলি কৰা এই সমীক্ষা অনুসৰি দিল্লী আৰু পাটনা দেশৰ ভিতৰত আটাইতকৈ বেছি প্ৰদূষিত অঞ্চল৷