106
কহিমাঃ নাগালেণ্ডৰ ৰাজনীতিত সঘনাই ঘটিছে নাটকীয় পট পৰিৱৰ্তন। কেবাদিনো ধৰি ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিৰাজ কৰি থকা অস্থিৰতাক এক নতুন মাত্ৰা দি মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে দেওবাৰে মুখ্যমন্ত্ৰী পদৰপৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে।
জেলিয়াঙক আঁতৰাবৰ কাৰণে সাংসদ নেফিঅ’ ৰিঅ’ আৰু গৃহমন্ত্ৰী ৱাই পাট্টুনৰ নেতৃত্বত ৬০ জনীয়া সদস্যৰ বিধানসভাৰ প্ৰায় এক তৃতীয়াংশই কাজিৰঙাত বৈঠক পতাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰে।