Home দেশদিল্লীত মণিপুৰৰ ২৪ বছৰীয়া যুৱকক হত্যাৰ সন্দেহ, মৃতদেহ উদ্ধাৰ

দিল্লীত মণিপুৰৰ ২৪ বছৰীয়া যুৱকক হত্যাৰ সন্দেহ, মৃতদেহ উদ্ধাৰ

by News Desk
62 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত পুনৰ উত্তৰ পূবৰ এগৰাকী ২৪ বছৰীয়া ছাত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ শুকুৰবাৰে পুৱাই দিল্লীত এগৰাকী উত্তৰ পূবৰ যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দক্ষিণ দিল্লীৰ চানলাইট এলেকাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন মণিপুৰৰ বুলি জানিব পৰা গৈছে৷ 

জানিব পৰা মতে, দক্ষিণ দিল্লীৰ চানলাইট এলেকাৰ জীৱন নগৰত এটা ভাড়াঘৰত দীৰ্ঘ দিন ধৰি আছিল চু-হামাই সংগ্ৰা নামৰ যুৱকজন৷ অধ্যয়নৰত যুৱকজনক নিজ ভাড়াঘৰত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ভাড়াঘৰৰ সমীপৰ কোঠাৰ লোকে৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াত উন্নত চিকিৎসাৰ বাবে এইমছলৈ নিয়া হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰা বুলি জানিব পৰা গৈছে৷ বন্ধুৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0