পূব বৰপেটাঃ যাতায়াত¸ শিক্ষা¸ চিকিৎসা¸ নিবনুৱা¸ গৰাখহনীয়া আদিৰ সমস্যাকলৈ আজিও চিন্তিত পূব বৰপেটাৰ ৰাইজ। স্বৰাজোত্তৰ কালৰ পৰা ৰাজ্যৰ অন্য জিলাৰ তুলনাত উন্নয়নত পিছ পৰা জিলা জিলাখনেই হৈছে বৰপেটা।
বিশেষকৈ জিলাখনৰ বৰপেটা¸ চেঙা আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টীৰ অন্তৰ্গত পূব বৰপেটাৰ ভেল্লা¸ কেওটকুছি¸ পুঠিমাৰী¸ ফতিকগ্ৰহ¸ বাৰাদি গোহেৰপাম¸ মাজগাঁও¸ পাটবাউসী¸ পালহাজী¸ দংৰা¸ ঔমূৰা¸ ভোগেৰপাৰ¸ শুহা-বাৰাদি¸ জনতা বজাৰ¸ চুটিয়াপাৰা¸ হৰিপুৰ¸ বহৰি¸ নগাও¸ বৰবিলা¸ বিষ্ণুপুৰ¸ বাতিকুৰিহা¸ ৰাধাকুছি¸ ভেৰালদি¸ তাঁতিকুছি¸ খৰুৱাপাৰা¸ ভৈৰাগুৰি¸ বাগোদি¸ গহিয়া¸ ব্যাসকুছি¸ বৰমাৰা¸ ভকুৱাতেপা¸ আগদিয়া¸ সৰ্থেবাৰী আদি বিভিন্ন অঞ্চলৰ ৰাইজে এশ-এবুৰি সমস্যাৰে জীৱন নিৰ্বাহ কৰি আহিছে।