গুৱাহাটীঃ অসমত গঢ়ি উঠিছে মোবাইল চোৰৰ বৃহৎ নেটৱৰ্ক। এই নেটৱৰ্ক পৰিচালিত হৈছে খোদ গুৱাহাটী মহানগৰীৰ পৰা। আৰক্ষী-প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি গঢ়ি উঠা মোবাইল চোৰৰ নেটৱৰ্ক সুদূৰ পশ্চিম বংগৰ মালদালৈকে বিস্তাৰিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত মোবাইল চুৰি কাৰ্য বৃদ্ধি পাই অহাৰ সময়তেই ফাদিল হৈছে মোবাইল চুৰিৰ লগত জড়িত একাধিক গুৰুত্বপূৰ্ণ তথ্য৷ বেলতলাস্থিত অজিত বৰদলৈ নামৰ লোকজনৰ চুৰি হোৱা মোবাইল উদ্ধাৰ কাৰ্যই উন্মোচন কৰিছে বাস্তৱ সত্য।