ছিউলঃ মোবাইল নিৰ্মাণৰ জগতখনৰ সৰ্ববৃহৎ কোম্পানী ছেমছাঙো সোমাই পৰিছে দুৰ্নীতিৰ মেৰপেছত৷ দক্ষিণ কোৰিয়াৰ স্মাৰ্টফোন প্ৰস্তুতকাৰী কোম্পানীটোৰ মুৰব্বী জে ৱাই লীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক উৎকোচ দিয়াৰ অভিযোগৰ ভিত্তিত জেললৈ যাবলগা হৈছে৷
ছিউলৰ এখন জেলত কেৱল এখন মেজ আৰু এটা টিভিৰে ১০ দিন কটাব লাগিব দক্ষিণ কোৰিয়াৰ আটাইতকৈ ধনী পৰিয়ালৰ সন্তান ৪৮ বৰ্ষীয় লীয়ে৷ দুৰ্নীতিয়ে শেহতীয়াভাবে তোলপাৰ লগোৱা ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াত ৰাষ্ট্ৰপতি পাৰ্ক জিন-হাইৰ দুৰ্নীতিৰ অভিযোগৰ ফলত দেশজুৰি হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰ মাহত সংসদত অনাস্থা প্ৰস্তাৱযোগে কাৰ্যবাহী ক্ষমতা হেৰুৱাবলগা হৈছিল দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।