মাৰ্ঘেৰিটাঃ ৰাজ্য চৰকাৰে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ যোৱা ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়া জিলাৰ জাগুনত এগৰাকী ৫০ বছৰীয়া মহিলাৰ লগতে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিৰ আন এগৰাকী মহিলাৰ মৃত্যু হয়৷
চৰকাৰে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷