গুৱাহাটীঃ পানীয়ে জীৱৰ প্ৰাণ৷ এটুপি বিশুদ্ধ পানী মানুহৰ প্ৰাণ৷ পানী নাথাকিলে পৃথিৱীৰ কল্পনাই কৰিবই নোৱাৰি৷ খোৱাৰ বাবে উপযোগী পানীক মানুহে অপব্যয় কৰিব নালাগে এই বাৰ্তা সকলোকে দি আহিছে বিশ্বৰ বিভিন্ন সংস্থাই৷ খোৱাপানীৰ নাটনি এদিন হ’বই সেই কথা বিশ্বৰ সংস্থা সমূহে উনুকিয়াই আহিছে৷
এদিন কোটি কোটি মানুহে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহকাৰ কৰিব লাগিব৷ সেই কথা ভবাৰ এয়াই উপযুক্ত সময়৷ বহু মানুহে খোৱাপানী অবাবতে নষ্ট কৰা পৰিলক্ষিত হয়৷ তেনে লোকে সামগ্ৰিক ভাৱে সমাজৰ বাবে চিন্তা কৰা উচিত৷