মাৰ্ঘেৰিটাঃ ৰাজ্যত চৰকাৰীভাৱে পুনৰ শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ১৫-২০ বছৰ চাকৰি কৰা শিক্ষকক পুনৰ পৰীক্ষা দি ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ লগতে বিভিন্ন ডিগ্ৰী ল’বলৈ চৰকাৰে নিৰ্দেশ দি আহিছে৷ ইয়াৰ মাজতে বন্ধৰ দিনটোতো একাংশ শিক্ষকে বিদ্যালয়ত উপস্থিত থাকি কাম কৰিবলগীয়াত পৰিছে।
তাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক শিক্ষকে৷ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপৰ অপ্ৰদেশীকৃত কেইবাখনো বিদ্যালয়ৰ শিক্ষকে শিক্ষা বিভাগে ডি এল এড বাধ্যতামূলক কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷