মৰিয়নীঃ চলিত মাহৰ ১১ এপ্ৰিলত দেশত প্ৰথম পৰ্যয়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে অসমৰ ৫ খন জিলাতো ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ উক্ত দিনা ১২ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তগৰ্ত ১০১ মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূমীয়ে ৬৯ নং কঠালগুৰি বাগিচা ষ্টাফ ক্লাব ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ বুলি মৰিয়নীৰ সমূহ সাংবাদিক ভোটগ্ৰহণ কেন্দ্ৰটোত উপস্থিত হৈছিল৷
সেই সময়ত বিজেপিৰ একাংশ নেতা-পালিনেতা ভোটগ্ৰহণ কেন্দ্ৰটো বিজেপি দলীয় টুপী পিন্ধি বুকুত ল’গ লগাই কেন্দ্ৰতোত উপস্থিত হৈ সাংবাদিকসকলক বাতৰি সংগ্ৰহ কৰাত বাধা আৰোপ কৰাৰ উপৰিও মৰিয়নীৰ বিধায়কগৰাকীক ৰাজহুৱা স্থানত গালিগালাজ কৰাৰ লগতে সাংবাদিকৰ দলটোক বাতৰি সংগ্ৰহ কৰা স্থানৰ গালিগালাজ কৰি অপমানিত কৰে।