106
মৰিয়নীঃ যোৰহাট জিলাৰ লাহিং মৌজাৰ কেইবাখন গাঁৱৰ কৃষি ভূমি বহিৰাগত বণিয়াৰ কবলত। লুনপুৰীয়া, দেৰঘৰীয়া, সেন্দু গাঁও, কলীয়া পানী আদি গাঁৱৰ পথাৰৰ মাজেদি যোৱা ঘগৰাজানত ধোদৰ আলিৰ কাষতে জৈন উপাধিধাৰী গুৱাহাটীৰ ব্যৱসায়ীজনে ১০ বিঘা মাটিত JCB লগাই ওখ কৰিছে।
ফলত চৰকাৰৰ অনুমতি অবিহনে মাটিৰ শ্ৰেণীৰ পৰিৱৰ্তন কৰিবলৈ অপচেষ্টা কৰিছে। স্থানীয় কৃষকৰ অভিযোগমতে এই ঘগৰাজানত মাটিৰে পুতি দিলে প্ৰায় দুই কিল’মিটাৰ অঞ্চল বাৰিষা পানীৰ তলত ডুবি থাকিব।