Home ৰাজ্যনিশাৰ আন্ধাৰ গমগমীয়া… চোৰাং বেপাৰীৰ ৰং

নিশাৰ আন্ধাৰ গমগমীয়া… চোৰাং বেপাৰীৰ ৰং

by News Desk
A+A-
Reset
bc3b47d5-7e2a-4a5b-833a-0bb4cb8d58f1

মৰিয়নীঃ ধোদৰ আলিৰ খাটিচোনাত পাঁচটা নাহৰ গছৰ কুন্দাসহ পৰিত্যক্ত অৱস্থাত এখন নম্বৰ প্লেটবিহীন ট্ৰেক্টৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। প্ৰথম অৱস্থাত কাঠৰ চোৰাং ব্যৱসায়ীয়ে কাঠৰ কুন্দাকেইটা গিৱন অভয়াৰণ্যৰপৰা চোৰাংকৈ সৰবৰাহ কৰাৰ সময়ত ট্ৰেক্টৰখনৰ বিজুতি ঘটাত কাঠসহ ট্ৰেক্টৰখন এৰি চালক, হেন্দিমেন পলায়ন কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। কৃষকৰ বাবে আৱন্টিত ট্ৰেক্টৰত একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে নিশাৰ এন্ধাৰত কাঠ সৰবৰাহ কৰে বুলি এই ঘটনাই প্ৰমাণ কৰিলে৷ প্ৰাপ্ত তথ্য অনুসৰি কাঠসমূহ তিতাবৰৰপৰা অনি থকা হৈছিল৷ নিশাৰ আন্ধাৰত ৰাইজৰ চকুত ধূলি দি কাঠ সৰবৰাহ কৰি থকালৈ চাই আৰক্ষীও চোৰাং ব্যৱসায়ীৰ লগত জড়িত আছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।কাঠখিনি পাছত বন বিভাগে জব্দ কৰিছে। লক্ষাধিক টকা মূল্যৰ কাঠখিনি সৰবৰাহৰ আঁৰত নকছাৰীৰ ৰাজু আগৰৱাল নামৰ লোকজন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0