♦ কোটি টকাৰ ধন সম্পতি লুট

♦ চেলেংহাটত চেন্নাই আৰক্ষীৰ অভিযান    

মৰিয়নীঃ চেলেংহাটৰ এজন যুৱকক বিচাৰি এসপ্তাহে অসমত বাহৰ পাতি আছে চেন্নাই আৰক্ষীৰ এটা দল। চেন্নাই আৰক্ষীৰ দুৰ্ধৰ্ষ অপৰাধীৰ তালিকাত উক্ত যুৱকজনৰ নাম। 

চেন্নাই আৰক্ষীৰ বাবে এতিয়া মূৰৰ কামুৰণি স্বৰূপ হৈ পৰিছে যুৱকজন। স্থানীয় চেলেংহাট আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, চেন্নাই আৰক্ষীয়ে বিচাৰি ফুৰা যুৱকজন চেলেংহাটৰ গড়কোষ গাঁৱৰ প্ৰয়াত লক্ষী ৰাম গগৈৰ পুত্ৰ কনক গগৈ। 

কনক গগৈ ন বছৰ ধৰি চেন্নাইত ছিকিউৰটি গাৰ্ড ৰূপে কৰ্মৰত হৈ আছিল। আনহাতে কিছু বছৰ পূৰ্বে যুৱকজন তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সম্পৰ্কীয় প্ৰৱীন নামৰ এজন ব্যক্তিৰ সোন আৰু হীৰাৰ আ-অলংকাৰ ব্যৱসায়ীৰ গৃহত সুৰক্ষা কৰ্মী ৰূপে নিয়োগ হৈছিল। এই কনক গগৈ কাতি বিহুৰ সময়ত চেন্নাইৰপৰা চেলেংহাটৰ ঘৰলৈ ছুটীত আহিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

কিন্তু কনকক বিচাৰি কিছুদিন পূৰ্বে চেন্নাই আৰক্ষী থানাৰ ইন্সপেক্টৰ সুদৰ্শন নামৰ বিষয়াজনৰ নেতৃত্বত ৩ জনীয়া আৰক্ষী এটা দল স্থানীয় চেলেংহাট আৰক্ষীৰ সহযোগত কনকৰ ঘৰলৈ আহে যদিও কনকক ঘৰত নাপাই উভটি যায় আৰক্ষী দলটো। 

কিন্তু তেতিয়ালৈকে কনকৰ পৰিয়াল অৱগত হোৱা নাছিল চেন্নাই আৰক্ষীয়ে কিয় কনকক বিচাৰি আহিছিল। ইফালে সেই দিনাৰপৰাই কনক ঘৰৰপৰা আঁতৰি আত্মগোপন কৰি আছে। আৰক্ষীয়ে কনকৰ ম’বাইল নম্বৰটো ট্ৰেচ কৰি বিভিন্ন স্থানত অভিযান চলাই যদিও যুৱক জনৰ সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকক দেওবাৰে চেলেংহাট আৰক্ষী চকীলৈ মাতি আনি কনকে চেন্নাইত সংঘটিত কৰা দুষ্কাৰ্যৰ বিষয়ে অৱগত কৰি সোধপোছ কৰা পাছতহে দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। 

কনকে প্ৰৱীন নামৰ লোকজনৰ গৃহৰপৰা এক কেজি সোণ, সোনৰ আ-অলংকাৰ, হীৰাৰ আঙুঠি, চেইন আৰু নগদ ধন লুট কৰি অনাৰ অভিযোগ উত্থাপন হৈছে। মুঠ কিমান টকাৰ আ-অলংকাৰ আৰু নগদ ধন কনকে লুট কৰি আনিছে সেই বিষয়ে চেন্নাই আৰক্ষীয়ে অসম আৰক্ষীক অৱগত কৰা নাই যদিও বিশ কোটিত কৈও অধিক হ’ব বুলি সন্দেহ কৰা হৈছে। 

আনহাতে এনে দুষ্কাৰ্য সংঘটিত কৰা পুত্ৰক আৰক্ষীয়ে হত্যা কৰিলেও দুখ নকৰে বুলি ব্যক্ত কৰে কনকৰ মাতৃয়ে আনহাতে কনকৰ ভগ্নীয়েও ভাতৃক আৰক্ষীয়ে যতে পাই যি শাস্তি দিয়ে দিয়ক বুলি প্ৰকাশ কৰে।

আনহাতে কনকৰ সন্ধানত অসম আৰক্ষীৰ সহযোগত চেন্নাই আৰক্ষীয়ে যোৰহাট শিৱসাগৰৰ কেইবাঠাইতো অভিযান চলাইছে যদিও কনকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে কোটি কোটি টকাৰ সোন, হীৰা লৈ ক’ত লুকাল কনক? চেন্নাই আৰক্ষী সফল হ’বনে কনকক গ্ৰেপ্তাৰ কৰিবলৈ?

উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে কোটিটকীয়া আ-অলংকাৰ? প্ৰকৃততে মুঠ কিমান টকাৰ সামগ্ৰী লুট কৰিছিল কনকে? এতিয়া এনে বহু প্ৰশ্ন সৃষ্টি হৈছে অঞ্চলটোৰ লোকৰ মাজত।