116
জয়ন্ত মুদৈ, নগাঁওঃ মধ্য অসমবাসীৰ বাবে এক সুখবৰ। পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলাৰপৰা দক্ষিণ ভাৰতলৈ মাত্ৰ এদিনৰ পাছৰে পৰাই আৰম্ভ হ’ব অত্যাধুনিক ৰে’ল সেৱা৷
জিলাখনৰ কলিয়াবৰৰ শিলঘাট ষ্টেচনৰপৰা অহা ২২ ফেব্ৰুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে আনুষ্ঠানিকভাৱে এই ৰে’ল সেৱা মুকলি কৰিব। এই ৰে’ল সেৱা মুকলি হোৱাৰ লগে লগে সমগ্ৰ মধ্য অসমেই নহয় উত্তৰ অসমৰ ৰে’লযাত্ৰী সকলে দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা লাভ কৰিব।