জিতুমনি নাথ, মৰিগাঁওঃ কংগ্ৰেছৰ দখলত থকা মৰিগাঁও জিলা পৰিষদৰ সভানেত্ৰী বিৰুদ্ধে ১০ জনকৈ সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে মৰিগাঁও ৰাজনীতিত।
কংগ্ৰেছৰ ৫ জনকৈ সদস্যই কংগ্ৰেছ ত্যাগ কৰি শাসকীয় বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ঘটনাই কংগ্ৰেছৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে ব্যাপক জোকাৰণি। উল্লেখ্য যে, জিলা পৰিষদৰ কোনো ধৰণৰ উন্নয়ন মূলক কাম-কাজ নৌহওঁতেই জিলা পৰিষদৰ সভানেত্ৰীয়ে অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লগা হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।