মৰিগাঁওঃ সমাগত লোক সভা নিৰ্বাচনৰ উপলক্ষে ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা উদ্দ্যেশ্যৰে মৰিগাঁও জিলা প্ৰশাসনে বিভিন্ন ধৰনে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে ৰাইজক এশ শতাংশই ভোট দান কৰিবলৈ আহ্বান জনায়।
ইয়াৰ মাজতে বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় চৌহদৰ আৱৰ্ত ভৱনৰপৰা ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বি এল অ আৰু গাওঁবুঢ়া সকলৰ সহযোগত ৰোড শ্ব’ অনুষ্ঠিত কৰে।